পুৱা


গহীন পুৱতী নিশা, নিতাল জগত
     তো নাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাহী, নিজম চেতনা,
     সৰু-ভুলা জীৱনৰ বীণ |

জীৱনৰ যুঁজ এৰি কাম-কৰ্ম্মী দুয়ো
     শঁতাইছে যুঁজৰ ভাগৰ;
বিয়পি অসীম বিশ্ব আন্ধাৰ এলাহ,
     গতিহীন স্থিতি জগতৰ |

কোনোবা দেশৰ পৰা ধীৰ সোঁত বলি
     আহিছে এখনি জুৰ নৈ;
ৰিণিকি ৰিণিকি এটি নিৰৱ কবিতা
     বাজিছে বুকুত ৰৈ ৰৈ |

জোনাক জোনাক বুলি জীৱন বিচাৰি
     আন্ধাৰত প্ৰকৃতি আতুৰ;
জোনাক-জীৱন খুজি ওপঙি ফুৰিছে
     নিফুট আকুল এটি সুৰ |

কাতৰ সুৰত পমি নিয়ম-বিহোঁতা
     প্ৰকৃতিৰ প্ৰবোধি মনক
দিবলৈ মনে মনে জোনাক-জাননী
     পাঁচিছে পুৱাৰ বতাহক |

স্বৰ্গৰ বাতৰি পাই অপেক্ষি জোনাক
     প্ৰকৃতিৰ উত্ৰাৱল চিত;
বহিছে শীতল বায়ু, নাচিছে লতাই
     ফুল-কলি হাঁহিছে থূপিত |

দুটিমান জোনাকৰ সোনোৱালী ৰেখ
     লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰ সেই জীৱন্ত ছবিটি
     ঘুৰি আহি ভুমুকি মাৰিছে |

লোকালোক সাগৰত উটি-বুৰি ফুৰা
     জীৱনৰ পৱিত্ৰ ভাবটি;
আধ আলো আধা ছাঁত ফুলোঁ ফুলোঁ কৰি
     প্ৰকৃতিক ধৰিছে সাৱটি |

জিলিঙনি এটি আহি পদুম-বনত
     স্বৰগৰ ৰহণ ঢালিছে,
অকলশৰীয়া দুটি পদুম কলিয়ে
     চুমা খাই হালিছেজালিছে  |

স্বৰ্গৰ জেউতি দেখি ৰাজহাঁহযুৰি
     প্ৰেমৰ আলচ ভুলি গৈ
চিত্ৰৰ পুতলী প্ৰায় আছে থৰ লাগি
     ইটিয়ে সিটিক চাই ৰৈ |
আকৌ ঘুমটি ত্যজি নিজম চেতনা
     লাহে লাহে সজাগ হইছে;
পাহৰা সুৰটি ঘুৰি বজাবৰ গুণে
     বীণখনি হাতত লইছে |

বৰষাঁ অনন্তকাল জ্ঞানৰ পোহৰ
     জ্যোতিৰ্ময়ী জোনাক সৱিতা;
বজোৱা অনন্তকাল পঞ্চমত তুলি

     বীণাপাণি কোমল কবিতা |

No comments:

Post a Comment