মনোৰমা



চকুত তোমাৰ সপোনৰ মায়া
মুখত জোনৰ কোমল ছাঁ;
নিশহত যেন নতুন ঘাঁহৰ
সুৰভিৰে পুৰ মৃদুল বা !
লা চুলিটাৰি, কোনে সানি দিলে
আঁউসী নিশাৰ সুষমা তাত ?
কেতিয়া শিকালে কপৌৱনো তাৰ
মন কিব কৰ উৰুঙা মাত ?
আগ বাৰিসাৰ বা ৰিব্ৰিব্
বতাহৰ দৰে তোমাৰ হাঁহি,
উলাহতে তাৰ কঁপিছে কলং
পাণীমেটেকাই মেলিছে পাহি!
দহোটি আঙুলি চঁপাকলি হেন,
পদুমৰ ঠাৰি দুখনি হাত,
দুই দোৰপতি থৰক্থৰক্
তত্নাইকিয়া মকোৰ গাত !
নিপোটল বুকু, লাটুমণি ওঁঠ
দুয়ো পাৰি দাঁত ডালিম গুটি;
মৰুময় মোৰ পৃথিৱীত সখী
তুমি কবিতাৰ একেটি সুঁতি |


No comments:

Post a Comment