হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২১

শস্যমালাৰ ভ্ৰমন

মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ
ভঁৰাল্ঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম ।
পানি পালে, মাটি পালে, ৰ'দে বৰষুণে
ভুৰ্‌ভুৰ্‌কৈ আকৌ গজি উঠিম ... ।

শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কান তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন ;

আকাশ ভাঙি হুৰ্‌হুৰ্‌কৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোনোৱালী ভ্ৰমণ ...



ধান হওক

ধান হওক । বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক ।

শাৰী শাৰী ধানে সেৰা পাতি থাকক মোৰ পথৰুৱা পিঠি ।
বাৰখন হালে চহ কৰি থোৱা থৌকি-বাথৌ তেজৰ ঢৌ
ধানৰ ভৰত ভাঙিলে ভাঙক মোৰ তপতৈয়াৰ কান্ধ কামিহাড় ।
ধান হওক । আইৰ মলঙা আঁচল পকাধানৰ গোন্ধত
ফিৰ্‌ফিৰ্‌কৈ উৰক ।
ধানৰ পথাৰ গানৰ উজান
ইমানে সিমানে ধানে মোৰ পানীৰ লগত
ফেৰ মাৰি মেলিছে থোৰ ।



শস্য-বীজে চকু মেলক


চকুলোৰে পানী দিয়া । মোৰ তেজৰ এন্ধাৰত
শস্য-বীজে চকু মেলক ।
শিপাই ছানি ধৰক আলতীয়া বুকু ।
মোৰ গাত আহি হালি পৰিছে ধানৰ শুৱলা মাত
ভৰপক পথাৰৰ ধান-হালধীয়া ৰ'দ ।

বাৰুদ-বতাহত জিল্‌মিল্‌ মোৰ বুকুৰ নতুন গান
বোকা-মাটিৰ গা-ঘঁহা কান সমনীয়া ধান ...


ধানবোৰ দাই আনা

মোৰ কলং-কপিলীৰ কোনোবাখিনিত
ভালপোৱাৰ বোকা-মাটিৰ শিতানে-পথানে
হেন্দেলি উঠিছে ধান ।

তোমাৰ পদুমী হাতেৰে ধানবোৰ দাই আনা
কাঁটলফুটা ৰ'দে টলবল কৰক তোমাৰ চিকুণ কজলা মুখ ।
ধান আনা, ধান বানা, ভৰিৰ চাবত গুম্‌গুমাই থাকক চৌদিশ ।


হাতত হাঁচতি মোৰ মাধৈমালতী

মোৰ ফুললৈ মেলা হাতত তুমি ফুলো-নুফুলো মাধৈমালতী
তোমাৰ সুৱদি ওঁঠত মোৰ কান লাহদৈ পথাৰত শুৱলা মাটিৰ মাত
চোতালৰ অঙঠাৰ দৰে ৰঙা চ'তৰ জোন -
হেৰেমগৰীয়া কোনোবা চতাই পৰবতৰ নামনিৰ পৰা উৰি আহিছে
ৰিণিকি ৰিণিকি এফাঁকি বিহুনাম

ক'তে গৈ আছিল বিহু ধেমেলিয়া
হাতত হাঁচতি লৈ ... 


তোমাৰ ঘামে টলবল মুখ


আহাঁ ভালপোৱা, মোৰ হাতত হাত থোৱাঁ, ওঁঠত ওঁঠ ।
আকাশৰ সুঠাম গাত আঁওজি থকা শুকান ডাৱৰবোৰ
তোমাৰ সতে চপৰা-চপৰে নামি আহক ধোৱা-ধুলিয়ৰি এই বাটেৰে ।

তুমুল বৰষুণে ধুৱাই দিয়ক গছ-গছনি, চৰাই-চিৰিকটিৰ মাত ।

কোনোবা হাবিতলীয়া নিজান নৈৰ শিল-চেঁচা পানীৰ দাপোণত
জিল্‌মিল্‌ কৰক তোমাৰ ঘামে টলবল মুখ ।







No comments:

Post a Comment